অভিনেতা-ৰাজনীতিবিদ ৰাজ বাব্বৰক ২ বছৰ কাৰাদণ্ড আদালতৰ, ২৬ বছৰ পূৰ্বে কৰিছিল এই অপৰাধ…

204

২৬ বছৰ পুৰণি এটা গোচৰত দোষী সাব্যস্ত হোৱা অভিনেতা, ৰাজনীতিবিদ ৰাজ বব্বৰক ২ বছৰৰ কাৰাদণ্ড বিহে লক্ষ্ণৌৰ এখন আদালতে। অৱশ্যে পৰৱৰ্তী সময়ত অভিনেতাগৰাকীয়ে এই গোচৰত অন্তৱৰ্তী জামিন লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ১৯৯৬ চনৰ মে’ মাহত অনুষ্ঠিত লক্ষ্ণৌৰ লোকসভা নিৰ্বাচনৰ সময়ত এগৰাকী প’লি বিষয়াক গুলীয়াই হত্যা কৰাৰ গোচৰত আদালতে দোষী সাব্যস্ত কৰে ৰাজ বব্বৰক। যাৰ বাবে বৃহস্পতিবাৰে আদালতে তেওঁক ২ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে তেওঁৰ ওপৰত ৬৫০০ টকা জৰিমণাও আৰোপ কৰে।

এই গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ কৰা ৰাজ বব্বৰে আদালতৰ ৰায়ৰ প্ৰত্যাহ্বান জনাই ছেচন আদালতৰ দাৰস্থ হ’ব বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি, বৃহস্পতিবাৰে আদালতৰ ৰায়দানৰ সময়ত অভিনেতা তথা ৰাজনীতিবিদ গৰাকীও আদালতত উপস্থিত আছিল।

প্ৰণিধান যোগ্য যে, লক্ষ্ণৌৰ এমপি-এমএলএ আদলতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অম্বৰীশ কুমাৰ শ্ৰীবাস্তৱে ২৪ জুনতে এই গোচৰৰ শুনানি সমাপ্ত কৰি ৰায় সুৰক্ষিত ৰাখিছিল।

উল্লেখ্য যে, ১৯৯৬ৰ লোকসভা নিৰ্বাচনত লক্ষ্ণৌৰ পৰা বিজেপিৰ অটল বিহাৰী বাজপেয়ীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সমাজবাদী পাৰ্টীৰ ৰাজ বব্বৰে। অৱশ্যে সেই নিৰ্বাচনত ৰাজ বব্বৰক পৰাস্ত কৰি বিপুল ভোটত জয়ী হৈছিল অটল বিহাৰী বাজপেয়ী।