অভিনেতা সুশান্ত সিঙ আত্মহত্যা কাণ্ডৰ চিবিআই তদন্তৰ দাবী: আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

203

ডিজিটেল ডেস্ক:- অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তৰ ভাৰ চিবিআইক প্ৰদানৰ বাবে কৰা এক ৰাজহুৱা আবেদন বৃহস্পতিবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। অলকা প্ৰিয়া নামৰ এগৰাকী মহিলাই দাখিল কৰা এই আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোৱডেয়ে কয় যে বৰ্তমান মুম্বাই আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে, গতিকে চিবিআইৰ হাতত তদন্তভাৰ অৰ্পণ কৰাৰ কোনো অৰ্থ নাই।

উল্লেখ্য যে, চলিত বৰ্ষৰ 24 জুনত মুম্বাইৰ নিজা এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। আৰক্ষীয়ে তদন্ত চলাই এয়া আত্মহত্যাৰ ঘটনা বুলি দাবী কৰিলেও পৰৱৰ্তী সময়ত পোহৰলৈ অহা আন কেতবোৰ তথ্যৰ ভিত্তিত এয়া আত্মহত্যা নহয় বুলি দাবী কৰিছে অভিনেতাগৰাকীৰ পৰিয়াল তথা গুণমুগ্ধই।

আনহাতে অভিনেতাগৰাকীৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিবলৈ অস্বীকাৰ কৰি মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখেও কয় যে মুম্বাই আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। গতিকে চিবিআইক তদন্তভাৰ অৰ্পণ কৰাৰ প্ৰয়োজন নাই।