অভিনেতা সুশান্তৰ মাতৃৰ ফটো চচিয়েল মিডিয়াত শ্বেয়াৰ কৰি প্ৰাক্তন প্ৰেয়সীয়ে লিখিলে…

109

ডিজিটেল ডেস্ক:- বলিউদ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ প্ৰতিদিনে ন ন তথ্য পোহৰলৈ আহি আছে। যাৰ ফলত অভিনেতাগৰাকীৰ মৃত্যু আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড সেই প্ৰশ্নও ক্ৰমে জটিল হৈ পৰিছে। ইফালে এই ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা ইডিয়ে গুৰুবাৰে অভিনেতাগৰাকীৰ প্ৰেয়সী তথা অভিনেত্ৰীক সোধা-পোছা চলায়।

আনহাতে অভিনেতাজনৰ মৃত্যুৰ পাছত চচিয়েল মিডিয়াযোগে গভীৰ শোক ব্যক্ত কৰি আহিছে সুশান্ত সিঙৰ প্ৰাক্তন প্ৰেয়সী তথা অভিনেত্ৰী অংকিতা লোখণ্ডেয়ে। শেহতীয়াকৈ অংকিতাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে এখন ফটো।

অংকিতাই শ্বেয়াৰ কৰা ফটোখনৰ অভিনেত্ৰীগৰাকীৰ হাতত দেখা গৈছে সুশান্তৰ প্ৰয়াত মাতৃৰ ফটো। ফটোখনৰ কেপশ্যনত তেওঁ লিখিছে- আশা কৰোঁ আপোনালোক দুয়ো একেলগে আছে।

উল্লেখ্য যে, ২০০২ চনত মাতৃৰ বিয়োগৰ পিছত মানসিকভাৱে যথেষ্ট ভাগি পৰিছিল সুশান্ত সিং ৰাজপুত। তেওঁ প্ৰায়ে মাতৃৰ ফটো চচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। অভিনেতাগৰাকীৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণ কৰা হৈছে।