দক্ষিণৰ তাৰকা যশৰ জন্মদিনৰ উদযাপনৰ কৰিবলৈ গৈ মৃত্যুক সাৱটিবলগীয়া হ’ল তিনি অনুৰাগী যুৱকে। কৰ্ণাটকত সংঘটিত এই ঘটনাই মৰ্মাহত কৰিছে সকলোকে।
সোমবাৰে ৩৯ বছৰত ভৰি দিয়ে তাৰকা অভিনেতাগৰাকীয়ে। চুপাৰহিট ছবি ‘কেজিএফ’ৰ নায়ক যশৰ জন্মদিনক লৈ সমগ্ৰ কৰ্ণাটকতে অনুৰাগীসকলৰ মাজত দেখা যায় ব্যাপক উচ্ছ্বাস। কিন্তু তাৰ মাজতে ৰাজ্যখনৰ গোদাগ জিলাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। য’ত প্ৰিয় নায়কৰ জন্মদিন উদযাপনৰ প্ৰাকক্ষণত প্ৰাণ হেৰুৱাবলগীয়া হয় তিনি যুৱকে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অঞ্চলটোৰ তিনি যুৱক ক্ৰমে মুৰুলী, নবীন আৰু হনুমন্তই প্ৰিয় তাৰকা যশৰ জন্মদিন উপলক্ষ্যে নিৰ্মাণ কৰিছিল এখন বেনাৰ। সোমবাৰে পুৱা সেই বেনাৰখন আঁৰিবলৈ লোৱাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় তিনিওজন যুৱক। যাৰ ফলত তিনিওজন অনুৰাগীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
আৰক্ষী অধীক্ষকে জনোৱা মতে, বেনাৰখন ধাতুৰ ফ্ৰেমৰ দ্বাৰা নিৰ্মিত আছিল। যাৰ ফলত ফ্ৰেমটো বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাত এই দুৰ্ঘটনাটো সংঘটিত হয়।
আনহাতে, অঞ্চলটোৰ স্থানীয় বিধায়কগৰাকীয়ে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰি অভিনেতা যশক মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনায়। অৱশ্যে সোমবাৰে ছ’চিয়েল মিডিয়াত যশে এটা পোষ্ট কৰি তেওঁৰ অনুৰাগীসকলক জনায় যে এইবাৰ জন্মদিনৰ সময়ত তেওঁ চহৰৰ পৰা আঁতৰি থাকিব।