অভিনেতা, পৰিচালক, অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ বিয়োগ, নগাঁৱত শোকৰ ছাঁ

280

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ বিশিষ্ট চিৰসেউজ অভিনেতা, পৰিচালক, অসম আন্দোলনৰ এগৰাকী সক্ৰিয় নেতা প্ৰদীপ শৰ্মাৰ সোমবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত গুৱাহাটীৰ ইন্টাৰনেচনেল এপ’ল’ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়৷ মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল ৭০বছৰ।

উল্লেখ্য যে,যোৱা ১১ জুলাইত প্ৰদীপ শৰ্মা জ্বৰত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ গুৱাহাটীৰ ইন্টাৰনেচনেল এপ’ল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ১৪ জুলাইত তেওঁৰ দেহত জাপানীজ এনকেফেলাইটিছ হোবা বুলি নিশ্চিত হয় চিকিৎসক৷ তেতিয়াৰে পৰা শৰ্মা চিকিৎসাধীন অৱস্থাত আছিল যদিও নিয়তিৰ ওচৰত হাৰ মানি অৱশেষত সোমবাৰে বিয়লি শেষনিশ্বাস ত্যাগ কৰে।

নগাঁও জিলাৰ বেবেজীয়াৰ বলিষ্ঠ চিৰসেউজ অভিনেতা, নাট পৰিচালকৰূপে পৰিচিত প্ৰদীপ শৰ্মা কেৱল বৃহত্তৰ বেবেজীয়া অঞ্চলৰে নহয়, সমগ্ৰ জিলাখনৰে এগৰাকী প্ৰবীণ নাট্য শিল্পী হিচাপে এগৰাকী শিল্পী, নাট্যকৰ্মী, নাট পৰিচালকগৰাকীয়ে পাঁচ-ছয় বছৰ বয়সতে অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ ভাৱৰীয়া বচন আৰু বিলাপ গাই ৰসিক লোকক ৰসদান কৰিছিল৷ আশীৰ দশকতে ভ্ৰাম্যমাণ মঞ্চ জীপাল কৰাৰ লগতে অংকীয়া ভাওনাৰ বলিষ্ঠ অভিনয়ৰ লগতে নাট পৰিচালনা কৰালৈকে বলিষ্ঠ শিল্পী আছিল প্ৰদীপ শৰ্মা৷

শৰ্মাই সুন্দৰৰ আৰাধনাৰে অশেষ কষ্টৰে সুন্দৰ আৰু বলিষ্ঠ অভিনয় কৰি দৰ্শক ৰাইজৰ মনত বিশেষ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ কোমল মন আৰু নিভাঁজ সৃষ্টিৰ সোঁত বোৱাই জীৱন সংগ্ৰামৰ কঠিন পৰিস্থিতিকো নেওচি অভিনয় জগতলৈ নীৰৱে আগবঢ়াই গৈছিল অনবদ্য অবদান৷ বিশেষকৈ অভিনয় আৰু নাট পৰিচালনাৰ ক্ষেত্ৰত বিশেষভাৱে নাম কৰিছিল শিল্পীগৰাকীয়ে৷ কেৱল পাঁচ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে অংকীয়া ভাওনা “ভক্ত প্ৰহ্লাদ” নাটকত অভিনয় কৰিছিল প্ৰদীপ শৰ্মাই৷ ইয়াৰ পাছৰে পৰা তেওঁ আৰু পাছলৈ উভতি চাব লগীয়া হোৱা নাছিল৷

নগাঁও-মৰিগাওঁ জিলাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত অবিৰতভাৱে অভিনয় আৰু নাট পৰিচালনাৰ যাত্ৰা অব্যাহত ৰাখিছিল প্ৰদীপ শৰ্মাই। বেবেজীয়া যুৰীয়া নামঘৰৰ সমীপৰ এটি সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰদীপ শৰ্মাই ৮০-৯০ দৰ্শকত দুদন্ত অভিনয় কৰাৰ লগতে সমান্তৰালকৈ বহুকেইখন নাট পৰিচালনাও কৰিছিল৷

বৃহত্তৰ বেবেজীয়া অঞ্চলটিত সমাজৰ বিভিন্ন কামৰ লগত জড়িত হোৱাৰ উপৰি আমৃত্যু পৰ্যন্ত অভিনয় অব্যাহত ৰখা প্ৰদীপ শৰ্মাই ১৯৯২ চনত বিভা ভট্টাচাৰ্যৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল৷ বেবেজীয়া অঞ্চলত “সোণ্টি দা” ৰূপে পৰিচিত প্ৰদীপ শৰ্মাই বিভিন্ন অনুষ্ঠানত বিনা পাৰিশ্ৰমিকৰে কণ-কণ শিশুসকলৰ লগতে অন্যান্যসকলকো  অভিনয় শিকাইছিল বহুকেইখন নাটকত।

অভিনেতা, নাট্যকাৰ, সমাজসেৱক, বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ বেবেজীয়াৰ লগতে নগাঁৱতো শোকৰ ছাঁ পৰিছে৷ ইপিনে মংগলবাৰে প্ৰদীপ শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাসগৃহত অসংখ্য গুণমুগ্ধ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সমবেত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পাছত এক শোকাকুল পৰিৱেশত দুপৰীয়া অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

মৃত্যুৰ সময়ত পত্নীৰ উপৰি এগৰাকী বিবাহিত জীয়ৰী-জোঁৱাই, পুত্ৰ সহ চাৰিজন ভাতৃ, তিনিগৰাকী ভাইবোৱাৰী, দুগৰাকী ভগ্নীসহ আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়৷ প্ৰদীপ শৰ্মাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, সংগ্ৰামী নেতা দেৱ কুমাৰ বৰা, নগাওঁ জিলা সাংস্কৃতিক উন্নয়ণ বিষয়া মুনিন্দ্ৰ গোস্বামী, বিশিষ্ট শিক্ষাবিদ যাদৱ বৰা, বহু ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷