অভিনেতা এজাজ খানক গ্ৰেপ্তাৰ এনচিবিৰ

76

ড্ৰাগছৰ ঘটনাত এনচিবিৰ তদন্ত অভিযান অব্যাহত।

ঘটনাৰ সৈতে জড়ত ড্ৰাগছ পেডলাৰ শ্বাদাৱ বটাটাৰ গ্ৰেপ্তাৰৰ পিছত মাজনিশা অভিনেতা এজাজ খানৰ নাম পোহৰলৈ আহিছিল।

ইয়াৰ পিছতে NCB-এ এজাজ খানক নিজৰ জিম্মাত লৈছিল।

এতিয়া খবৰটো হ’ল যে, আজি পুৱা এজাজ খানক গ্ৰেপ্তাৰ কৰা হৈছে।

আজি NDPS আদালতত হাজিৰ কৰোৱা হ’ব

এজাজ খানক মঙলবাৰে নিশা ৰাজস্থানৰ পৰা মুম্বাইলৈ উভতি অহাৰ পিছতে NCB-এ জিম্মাত লৈছিল।

NCB-এ এজাজ খানক বিমানবন্দৰৰ পৰা নিজৰ জিম্মাত লৈছিল।

গ্ৰেপ্তাৰৰ পিছত আজি এজাজ খানক NDPS আদালতত হাজিৰ কৰোৱা হ’ব।

অভিনেতা এজাজ খানক ইয়াৰ পূৰ্বে ২০১৮টো নতুন মুম্বাই আৰক্ষীয়ে ড্ৰাগছৰ কেছতে গ্ৰেপ্তাৰ কৰিছিল।

সেই সময়ত এজাজ খানৰ পৰা প্ৰায় ১ লাখ টকাৰ MD ড্ৰাগছ উদ্ধাৰ কৰিছিল।

অভিনেতা এজাজ খানে বিগ বছ ৭তো অংশগ্ৰহণ কৰিছিল।