‘অব কী বাৰ ৪০০ পাৰ’! লোকসভা নিৰ্বাচনত নতুন শ্লোগান লৈ এইবাৰ বিজেপিৰ ৰণনীতি

285

‘তিছৰী বাৰ মোডী চৰকাৰ, অব কী বাৰ ৪০০ পাৰ।’ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ এই শ্লোগান। মঙলবাৰে এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। এনে দাবী এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ।

মঙলবাৰৰ বৈঠকত উপস্থিত থাকে বিজেপিৰ সভাপতি জে পি নাড্ডা। দুঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ভূপেন্দ্ৰ যাদৱ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদি উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত দলটোৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ‘অব কী বাৰ ৪০০ পাৰ’ শ্লোগানেৰে বিজেপিয়ে আগবাঢ়ি যাব বিচাৰে।

প্ৰসংগক্ৰমে যোৱা ডিচেম্বৰ মাহত জনা গৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ নেতাসকলৰ বৈঠক আৰম্ভ কৰাৰ সময়তে লোকসভাত তিনিশ পঞ্চাশখনতকৈও অধিক আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু গেৰুৱা শিবিৰে নতুন বছৰত সেই লক্ষ্য বৃদ্ধি কৰি নিৰ্বাচনী যুঁজত জপিয়াই পৰাৰ প্ৰতিশ্ৰুতি দিছে। কিছুদিন পূৰ্বে মোদীয়ে নেতাসকলক নিৰ্দেশ দিছিল যে সাংগঠনিক দুৰ্বলতা থকা ১৬০টা সমষ্টি ইতিমধ্যে চিনাক্ত কৰা হৈছে। সিদ্ধান্ত লোৱা হৈছে যে বিৰোধীৰ পৰা আসন কাঢ়ি নিবলৈ আমি এতিয়াৰ পৰা প্ৰচাৰত জপিয়াই পৰিব লাগিব।

ইফালে নতুন লক্ষ্য সৃষ্টিৰ উপৰিও প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, নড্ডাই লোকসভাৰ বিভিন্ন গুৰুত্বপূৰ্ণ সমষ্টিত বৈঠক আৰম্ভ কৰিব বুলি সিদ্ধান্ত লোৱা হৈছে।