আজিও অব্যাহত আছে ভাৰতীয় মল্লযুঁজাৰুৰ প্ৰতিবাদ।
বিজেপি সাংসদ তথা মল্লযুঁজাৰু ফেডাৰেশ্যনৰ অধ্যক্ষ ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ অব্যাহত ৰাখিছে পদকজয়ী মল্লযুজাৰু বিনেশ ফ’গাট, বজৰং পুনিয়াকে ধৰি অনেক মল্লযুঁজাৰুৱে।
তেওঁলোকৰ দ্বিতীয় পৰ্যায়ৰ প্ৰতিবাদৰ সময়ত মল্লযুঁজাৰুসকলে বিজেপিৰ সাংসদও ব্রিজ ভূষনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷
“কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী (অনুৰাগ ঠাকুৰ)ৰ সৈতে কথা পাতি আমি আমাৰ প্ৰতিবাদৰ অন্ত পেলাইছিলো, আৰু সকলো খেলুৱৈয়ে তেওঁক যৌন নিৰ্যাতনৰ কথা জনাইছিল। এখন কমিটী গঠন কৰি তেওঁ তাত বিষয়টো দমন কৰিবলৈ চেষ্টা কৰিছিল; সেইবাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।” সাংবাদিকৰ আগত এইদৰে কয়।
অতি দীৰ্ঘদিন ধৰি নিজৰ ক্ষমতা আৰু স্থানৰ অপব্যৱহাৰ কৰি থকা শক্তিশালী ব্যক্তিৰ বিৰুদ্ধে থিয় দিয়াটো কঠিন বুলিও কয় এছ মল্লযুঁজাৰুগৰাকীয়ে।
ইমান দিনে নিজৰ ক্ষমতা আৰু পদবীৰ অপব্যৱহাৰ কৰি থকা ব্যক্তিৰ বিৰুদ্ধে থিয় দিয়াটো অতি কঠিন বুলিও কয় বিনেশ ফ’গাটে। অলিম্পিয়ানগৰাকীয়ে আৰু প্ৰকাশ কৰে যে মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত প্ৰতিবাদ আৰম্ভ কৰাৰ পূৰ্বে এজন বিষয়াক লগ পাইছিল, প্ৰথমবাৰৰ বাবে। কিন্তু, কোনো ব্যৱস্থা লোৱা নহ’ল।
বিনেশে কয় যে, ‘যন্তৰ মন্তৰত বহাৰ তিনি-চাৰি মাহ আগতে আমি এজন বিষয়াক লগ পাইছিলোঁ, আমি তেওঁক সকলো কথা কৈছিলোঁ যে মহিলা খেলুৱৈসকলক কেনেকৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যৌন নিৰ্যাতন আৰু মানসিক নিৰ্যাতন কৰা হয়, তাৰ পিছত আমি ধৰ্ণাত বহিলোঁ।
ইফালে, ব্রিজ ভূষনে মল্লযুঁজ সংস্থাৰ পৰা পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰি কয় যে তেতিয়া ইয়াৰ অৰ্থ হ’ব যে তেওঁ অভিযোগ মানি লৈছে৷ “যদি মই পদত্যাগ কৰো তেন্তে তাৰ অৰ্থ হ’ল মই তেওঁলোকৰ অভিযোগ মানি লৈছো, তেন্তে মোৰ কাৰ্যকাল শেষ হ’বলৈ ওলাইছে। যেতিয়ালৈকে নতুন দল গঠন নহয় আৰু সেই সমিতিৰ অধীনত চৰকাৰে আই অ’ এ কমিটি গঠন নকৰে তেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাৰ পিছত মোৰ কাৰ্যকাল শেষ হ’ব।”
মল্লযুঁজাৰুৰ প্ৰতিবাদ এক বৃহৎ ৰাজনৈতিক বিষয়ত পৰিণত হৈছে, কেইবাজনো বিৰোধী নেতাই খেলুৱৈসকলৰ সৈতে সংহতি প্ৰকাশ কৰি ডব্লিউ এফ আইৰ মুৰব্বীগৰাকীৰ পদত্যাগ দাবী কৰিছে।
