অবৈধ সুৰা প্ৰস্তুত কৰা টেংক পৰিস্কাৰৰ সময়তে তিনিচুকীয়াত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ জনৰ

225

তিনিচুকীয়া জিলাত বৃহস্পতিবাৰে অবৈধ সুৰা প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা টেংক পৰিস্কাৰ কৰি থকাৰ সময়তে বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয় চাৰিজনকৈ লোকে।

মৃত লোকসকলৰ ভিতৰত আছে সুৰা প্ৰস্তুত কৰা গোটটোৰ ৭০ বছৰীয়া মালিক আৰু তেওঁৰ পুত্ৰ। তালাপ আৰক্ষী থানাৰ অন্তৰ্গত টিপুকত চাৰিওজনে সময়ে সময়ে চাফাইৰ বাবে টেংকত প্ৰৱেশ কৰাৰ সময়তে সংঘটিত হয় এই ঘটনা।

এজন বিষয়াই কয় যে এই বৃহৎ টেংকটো ট্ৰিটমেণ্ট কৰা গুৰ গলিবলৈ ব্যৱহাৰ কৰা হৈছিল, যিটো দেশীয় সুৰা উৎপাদনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

তেওঁ কয় যে টেংকৰ ভিতৰত থকা কিছু বিষাক্ত গেছৰ ফলত তেওঁলোকৰ শ্বাসৰুদ্ধ হোৱাৰ লগতে পৰৱৰ্তী সময়ত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে জানিব পৰা যাব।

নিহত কেইজনক গোটটোৰ মালিক ৰামপ্ৰসাদ ৰায়, তেওঁৰ ৪০ বছৰীয়া পুত্ৰ পাটগিৰি আৰু দুজন শ্ৰমিক – জগদীশ গোৱালা (৪০) আৰু পুক্লা কিষাণ (৩৮) বুলি চিনাক্ত কৰা হৈছে।

বিষয়াগৰাকীয়ে কয় যে ৰামপ্ৰসাদ ৰায় দীৰ্ঘদিন ধৰি অবৈধ মদ উৎপাদনৰ সৈতে জড়িত হৈ আছিল আৰু আগতেই অঞ্চলটোত গোপনে কাম কৰিছিল। আৰক্ষী আৰু আবকাৰী বিভাগে বাৰে বাৰে তেওঁৰ অবৈধ ডিষ্টিলেৰী ভাঙি পেলোৱাৰ পিছতো তেওঁ প্ৰতিবাৰেই পুনৰ উত্থান ঘটাবলৈ সক্ষম হৈছিল।

চাৰিজন লোকৰ মৃত্যুৰ ক্ৰম নিৰ্ণয়ৰ বাবে আৰক্ষীৰ বিশদ আৰু পুংখানুপুংখ তদন্ত চলি আছে বুলিও তেওঁ লগতে কয়।