শিলসাঁকো বিলৰ পিছত এইবাৰ উচ্ছেদ চলোৱা হ’ব দীপৰ বিলত।
এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।
গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত দীপৰ বিলত উচ্ছেদ অভিযান চলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই।
উল্লেখ্য যে, ৰাজ্যৰ বাহিৰৰ পৰা অহা কেইবাজনো ব্যৱসায়ীয়ে বিলৰ পামহী ফালটো দখল কৰি অবৈধভাৱে গুদাম নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত প্ৰাকৃতিক বাসস্থান ধ্বংস হৈছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে খানামুখৰ দীপৰ বিলৰ পাৰত সম্যক তদন্তৰ বাবে উপস্থিত হৈছে।
যদিও দুয়োগৰাকী মন্ত্ৰীয়ে উচ্ছেদ অভিযানৰ বিষয়ে একো উল্লেখ কৰা নাই, তথাপিও সংবাদ মাধ্যমৰ আদান-প্ৰদানৰ সময়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কয়, ‘গুৱাহাটীৰ এক অনন্য প্ৰাকৃতিক ভূমি দীপৰ বিল লেতেৰা হৈ পৰিছে, যাৰ ফলত ইয়াৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আমি দীপৰ বিলৰ পাৰত সম্যক তদন্তৰ বাবে উপস্থিত হৈছো। খানামুখত জলসম্পদ বিভাগ, বন বিভাগ, পৰ্যটন বিভাগ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ সৈতে ব্ৰহ্মপুত্ৰৰ পৰা কিছু পৰিমাণৰ পানী ধাৰাটোৰ মাজেৰে সুমুৱাই বিলখন পৰিষ্কাৰ আৰু সজীৱ কৰি তোলাৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰিলোঁ।”
এই পানীয়ে যাতে কাষৰীয়া অঞ্চলসমূহত বানপানীৰ সৃষ্টি নকৰে তাৰ বাবে কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে।
