অবৈধ গৃহ নিৰ্মাণক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ জাননী গুৱাহাটী পৌৰ নিগমৰ

319

গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ ঘোঁৰামাৰা চাৰিআলিৰ নিৰিবিলি পথত নিৰ্মিত অট্টালিকাৰ এনঅ’চিৰ প্ৰতিলিপি দাখিল কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক জাননী জাৰি কৰিছে।

ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেন ভট্ট নামৰ দুজন লোকে ভূপেন বৰাৰ ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰা বুলি এজাহাৰ দাখিল কৰাৰ পিছথে এই জাননী জাৰি কৰে জিএমচিয়ে।

জিএমচি কৰ্তৃপক্ষই অহা তিনিদিনৰ ভিতৰত ৰাজ্যৰ কংগ্ৰেছ অধ্যক্ষগৰাকীক তেওঁৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।