অবৈধ কয়লা সৰবৰাহক লৈ অসম চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ…

495

বুধবাৰে মেঘালয় উচ্চ ন্যায়ালয়ে অসমৰ পৰা ভুৱা নথি-পত্ৰৰ সহায়ত অবৈধভাৱে খনন কৰা কয়লা ৰাজ্যৰ পৰা বাহিৰলৈ সৰবৰাহ কৰাৰ অভিযোগৰ প্ৰাথমিক তদন্তৰ ভিত্তিত শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে।

মেঘালয়ত অবৈধভাৱে খনন কৰা কয়লা অসম তথা বহিঃৰাজ্যৰ লগতে বাংলাদেশলৈ সৰবৰাহৰ বাবে ভুৱা নথি পত্ৰৰ ব্যৱহাৰ কৰা বুলি চম্পাৰ এম চাংমা আৰু মাইকেল টি চাংমাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰে।

উচ্চ ন্যায়ালয়ে কয়, ‘ওপৰত লিপিবদ্ধ কৰা ধৰণে আবেদনকাৰীৰ অভিযোগৰ কোনো ভিত্তি থাকিব পাৰে নে নাই সেই সন্দৰ্ভত প্ৰাথমিক তদন্ত চলোৱাৰ পিছত অসম চৰকাৰক শপতনামা দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। চৰকাৰে ১৪ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব।’