ষ্টাফৰিপৰ্টাৰ, অন্ধ্র প্রদেশত কৰ’না ভাইৰাছৰ তাণ্ডৱ বৃদ্ধি পােৱাত ১০ দিনীয়া কঠোৰ লকডাউন বলৱৎ হৈছে । লকডাউন সময়চোৱাত বহু লােকে সুৰা পান কৰিব নােপােৱাত পাগলৰ দৰে হৈ পৰিছে । তেনে সময়তে প্রকাশম জিলাৰ কুৰিচেড়ু মণ্ডলত সুৰাপান কৰিবলৈ নাপাই ছেনিটাইজাৰকে খাই ৯ জন লােকে মৃত্যুক সাবটি লয় । বৃহস্পতিবাৰে লােককেইজনে ছেনিটাইজাৰ খাই মদৰ অভাৱ পূৰাবলৈ বিচাৰিছিল । যিহেতু সুৰাৰ পৰাই ছেনিটাইজাৰ প্ৰস্তুত কৰা হয় , গতিকে ছেনিটাইজাৰ খালেই হৈ যাব বুলি ভাবিছিল তেওঁলােকে । ছেনিটাইজাৰ খােৱাৰ পাছতে তেওঁলােক গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু তিনিজনৰ বৃহস্পতিবাৰেই মৃত্যু হয় । বাকী ৬ জনৰ শুকুৰবাৰে পুৱা মৃত্যু হয় । এই ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে ।