ডিজিটেল ডেস্ক: আজি অন্তিম শয়নত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। তেওঁৰ এই অন্তিম যাত্ৰাত লোকে লোকাৰণ্য হৈ পৰিছে মহানগৰী। সকলোৰে চকুত অশ্ৰু!
চৰকাৰী বাসগৃহৰ পৰা পুৱা পুষ্পসজ্জিত বাহনত তুলি অন্তিম যাত্ৰাৰ বাবে উলিওৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ। সহস্ৰাধিক গুণমুগ্ধৰ সৈতে ৰুক্মিণীগাঁৱৰ গীৰ্জাঘৰ-জু-ৰোডৰ নামঘৰৰ হৈ অন্তিম যাত্ৰাৰ বাবে নিয়া হয় তৰুণ গগৈক। কিছু সময়ৰ পাছতে পঞ্চভূতত বিলীন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
