অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

190

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ব্ৰহ্মপুত্ৰ নদীত চলি থকা ফেৰী সেৱা স্থগিত থাকিব বুলি ৩০ জুন তাৰিখৰ এক নিৰ্দেশৰ জৰিয়তে অৱগত কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

ব্ৰহ্মপুত্ৰ নদীত বৃদ্ধি পোৱা জলপৃষ্ঠ আৰু প্ৰচণ্ড সোঁতৰ বাবে যাতায়ত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে বিগত এমাহ ধৰি অসম তথা উত্তৰ-পূবত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো নৈ বিপজ্জনক স্তৰৰ ওপৰেৰে বৈ গৈছে৷ ব্ৰহ্মপুত্ৰ নৈৰ পানী বিপজ্জনক স্তৰৰ পৰা ৪৯.০৭ চেণ্টিমিটাৰ ওপৰলৈ বৈ আছে।

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সাময়িকভাৱে সেৱা স্থগিত ৰখাৰ কথা উল্লেখ কৰা হৈছে এই নিৰ্দেশত।