অনিমেশ ভূঞা হত্যা গোচৰত চার্জশ্বিট দাখিল যোৰহাট আৰক্ষীৰ

76

যোৰহাট আৰক্ষীয়ে সোমবাৰে অনিমেশ ভূঞা গনহত্যা গোচৰত চার্জশ্বিট দাখিল কৰে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যু হোৱা মুখ্য অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাকে ধৰি ১৪ জন লোকক চার্জশ্বিটত অভিযুক্ত কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে গোচৰৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। তেওঁ লিখে “প্ৰতিশ্ৰুতি অনুসৰি যোৰহাট আৰক্ষীয়ে ৫০ দিনৰ ভিতৰত অনিমেষ ভূঞা আক্ৰমণ আৰু হত্যাকাণ্ডত ১৪ জন অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে চার্জশ্বিট দাখিল কৰিছে। আৰক্ষীক দ্ৰুত বিচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।”

উল্লেখযোগ্য যে, ২৯ নৱেম্বৰত, ৫০ জনৰো অধিক লোকৰ দলে যোৰহাটত তিনিজন যুৱকক আক্ৰমণ কৰিছিল য’ত আছু নেতা অনিমেশ ভূঞাক নিৰ্মমভাৱে হত্যা কৰা হৈছিল।