অনাস্থা প্ৰস্তাৱকলৈ মোদীয়ে দিয়া ভাষণে প্ৰমাণিত কৰিছে বিজেপিৰ অন্তৰত উত্তৰ-পূৱৰ প্ৰকৃত স্থানঃ তৃণমূল কংগ্ৰেছ

302

মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰত কেন্দ্ৰ চৰকাৰ জড়িত হৈ আছে। মণিপুৰৰ হিংসাত্মক ঘটনা প্ৰতিৰোধ কৰি আইন-শৃংখলা পৰিস্থিতি চম্ভালি লোৱাৰ ক্ষেত্ৰত মণিপুৰ আৰক্ষীৰ সৈতে কেন্দ্ৰীয় নিৰাপত্তা সংস্থা অসম ৰাইফলচৰ মাজত একাধিক স্থানত মতভেদ হৈছে। এই কথা ৰাজ্যখনৰ পৰা অহা একাধিক ভিডিঅ’ত ইতিমধ্যে প্ৰতিষ্ঠা পাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনত থকা অসম ৰাইফলচে কেন্দ্ৰৰ মতে কাম কৰে। শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুণ বৰাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লগতে সংসদত মণিপুৰক লৈ বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে নিজৰ উত্তৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্ট তাৰিখে আগবঢ়োৱা ভাষণক চোকা ভাষাৰে সমালোচনা কৰিছে অসম তৃণমূলৰ সভাপতি ৰিপুণ বৰাই৷ খানাপাৰাস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মোদীৰ ভাষণ তথা গুৰুত্বপূৰ্ণ বিষয়কলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাকলৈ প্ৰশ্ন উত্থাপন কৰি তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুণ বৰাই কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত মণিপুৰক লৈ থকা তেওঁৰ উদাসীনতা প্ৰকাশ পাইছে৷ যিহেতু তিনি মাহ ধৰি জ্বলি থকা মণিপুৰৰ পৰিস্থিতিকলৈ বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল, সেয়ে প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত যথাৰ্থ উত্তৰ প্ৰদান কৰাটো জৰুৰী আছিল৷ কিন্তু কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে সংসদত দুই ঘণ্টা ১৩ মিনিট ভাষণ প্ৰদান কৰাৰ সময়ত মাত্ৰ ৪ মিনিট হে মণিপুৰকলৈ মন্তব্য প্ৰদান কৰে৷ মণিপুৰৰ অমানৱীয় ঘটনাই বিশ্ব কঁপাই যোৱাৰ সময়ত ইয়াক সাধাৰণ ঘটনা বুলি অভিহিত কৰি ৰাজস্থান, চত্তিশগড়, জন্মু-কাশ্মীৰ, পশ্চিম-বংগৰ সৈতে তুলনা কৰা কাৰ্য গৰিহণাৰ যোগ্য৷’ মণিপুৰ সন্দৰ্ভত ৰিপুণ বৰাই সংসদত গৃহ বিভাগে দাখিল কৰা তথ্য দাঙি ধৰি কয় যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক সাধাৰণ ঘটনা বুলি কৈছে কিন্তু ই অধিক জটিল আৰু ইয়াৰ প্ৰকৃত ছবি অধিক ভয়াৱহ৷ বিগত সময়ছোৱাত মণিপুৰত ৬৫০০ এজাহাৰ পঞ্জীভুক্ত কৰা হৈছে৷ ৪০০ টা ঘৰ জ্বলাই দিয়া হৈছে, প্ৰায় ১৫০ লোকৰ মৃত্যু ঘটিছে, বহু লোক এতিয়াও সন্ধানহীন হৈ আছে৷ ৬০ হাজাৰ লোক গৃহহীন হৈছে যি মণিপুৰৰ মুঠ জনসংখ্যাৰ দুই শতাংশ৷ ৩০০ গীৰ্জা, মঠ-মন্দিৰ, মজিদ ভাঙি পেলোৱা হৈছে৷ সামৰিক বাহিনীৰ পৰা ৫০০০ আগ্নেয়-অস্ত্ৰ আৰু প্ৰায় ৬ লাখ গুলী-বাৰুদ লুট কৰা হৈছে৷ এনে ঘটনাক সাধাৰণ ঘটনা বুলি কোৱাটোৱে প্ৰমাণ কৰে উত্তৰ-পূৱকলৈ মোদী তথা বিজেপি কিমান উদ্বিগ্ন৷ মোদীয়ে উত্তৰ পূৱৰ বিকাশৰ কথা কয়, বিগত সময়ত ৯৬ বাৰ ভ্ৰমণ কৰাৰ কথা কয়, এইবোৰ সকলো ফুটুকাৰ ফেন৷ ‘বিপদৰ বন্ধুয়ে হে আচল বন্ধু’ বুলি উল্লেখ কৰি অসম তৃণমূলৰ সভাপতি ৰিপুণ বৰাই কয় যে- যি সময়ত মণিপুৰ জ্বলি আছিল মোদী কৰ্ণাটক নিৰ্বাচন আৰু বিদেশ ভ্ৰমণত ব্যস্ত আছিল৷ মণিপুৰ জ্বলি আছিল কিন্তু তেওঁ মৌনব্ৰত পালন কৰি আছিল৷ যেতিয়া দুগৰাকী কুকী মহিলাক গণ ধৰ্ষণৰ লজ্জাজনক ভিডিঅ’ পোহৰলৈ আহিছিল মোদীয়ে ৮০ দিনৰ মূৰত মৌনতা ভংগ কৰিছিল৷ তেওঁ ৮০ দিনৰ মূৰত সাৰ পাইছিল আৰু মাত্ৰ ৩৭ ছেকেণ্ডত মণিপুৰক লৈ সমবেদনাজ্ঞাপন কৰিছিল৷ অসমলৈ সঘনে বিহু খাবলৈ আৰু বিহু চাবলৈ অহা মোদীয়ে কিয় এবাৰলৈ মণিপুৰলৈ আহিব নোৱাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে অসম তৃণমূলৰ মুখপাত্ৰগৰাকীয়ে৷ আনহাতে মণিপুৰৰ ঘটনাত কেন্দ্ৰৰ স্থিতি ৰহস্যজনক বুলি অভিহিত কৰি তেওঁ কয় যে-হিংসাত্মক ঘটনা ৰোধ কৰাৰ সময়ত মণিপুৰ আৰক্ষী এফালে আৰু অসম ৰাইফলছ আনফালে গতি কৰিছিল৷ অসম ৰাইফলছ কেন্দ্ৰীয় গৃহ বিভাগৰ অধীনত চলে তেনে ক্ষেত্ৰত মণিপুৰৰ ঘটনাত কেন্দ্ৰৰ হাত আছিল নেকি বুলিও প্ৰশ্নৰ অৱতাৰণা কৰে ৰিপুণ বৰাই৷ তেওঁ আৰু কয় কালি অনাস্থা প্ৰস্তাৱৰ উত্তৰত হাঁহি হাঁহি উত্তৰ দি ব্যংগাত্মক সুৰত কথা কোৱাটোৱে প্ৰমানমন্ত্ৰী আৰু বিজেপিৰ দেশ তথা উত্তৰপূৱৰ প্ৰতি দায়বদ্ধতা কিমান সেয়াও প্ৰমাণিত কৰিছে৷ আনহাতে প্ৰাধনমন্ত্ৰী মোদীয়ে বিগত ৯ আগষ্টত ভাৰত ত্যাগ আন্দোলন লৈ কৰা মন্তব্য তথা দেশত পৰিয়ালবাদৰ ৰাজনীতিৰ কথা উল্লেখ কৰা সন্দৰ্ভত কৰা মন্তব্যক উভতি ধৰি ৰিপুণ বৰাই কয় যে- সম্প্ৰতি বিজেপিত হে অধিক পৰিয়ালবাদৰ ৰাজনীতি আছে৷ ৰাজনাথ সিঙৰ পুত্ৰ পংকজ সিঙ উত্তৰ প্ৰদেশৰ বিধায়ক, বিজেপিৰ প্ৰাক্তন কোষাধষ্য বেদ প্ৰকাশ গোৱেলৰ পুত্ৰ পিযুষ গোৱেল কেন্দ্ৰেীয় মন্ত্ৰী বুলি উদাহৰণ দি ৰাষ্ট্ৰীয় বিজেপিত সম্প্ৰতি থকা ২৩জন পৰিয়ালবাদৰ ৰাজনীতিকৰ তালিকা দাঙি ধৰে৷ আনহাতে দুৰ্নীতি ভ্ৰষ্টাচাৰক ভাৰত ত্যাগ কৰিবলৈ মোদীয়ে জনোৱা আহ্বানক উভতি ধৰি ৰিপুণ বৰাই কয় যে- বিজেপিতে বিয়াগোম-বিয়াগোম দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিধায়ক আছে৷ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰূপ্পাৰ পৰ্বত সম দুৰ্নীতি, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ৭০ হাজাৰ কোটিৰ দুৰ্নীতি, শুভেন্দু অধিকাৰীৰ সাৰদা-নাৰদা কেলেংকাৰীৰ কথা উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীৰ কথা বিজেপিয়ে নিজে নিজৰ পুস্তিকাত উল্লেখ কৰিছিল বুলি মোদীৰ মন্তব্যৰ ক্ষুৰধাৰ সমালোচনা কৰে৷