বুধবাৰে দ্বাৰকাৰ ঘৰৰ সমীপত ১৭ বছৰীয়া এগৰাকী কিশোৰীক দুজন যুৱকে এচিড আক্ৰমণ কৰাৰ ঘটনাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
আনহাতে লোক দুজনে সেই এচিড ফ্লিপকাৰ্টৰ জৰিয়তে অনলাইনযোগে ক্ৰয় কৰা বুলি প্ৰকাশ পোৱাৰ পিছতে দিল্লী মহিলা আয়োগে ফ্লিপকাৰ্ট আৰু আমাজনলৈ জাননী জাৰি কৰিছে।
আয়োগে ফ্লিপকাৰ্টৰ পৰা প্লেটফৰ্মত “এচিড” বিক্ৰী কৰা বিক্ৰেতাসকলৰ সম্পূৰ্ণ বিৱৰণ বিচাৰিছে। ইয়াৰ উপৰিও ২০ ডিচেম্বৰৰ ভিতৰত দুয়োটা অনলাইন প্ৰতিষ্ঠানৰ পৰা বিশদ ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিচাৰিছে।
“আয়োগে এইটোও জানিব পাৰিছে যে আমাজন আৰু ফ্লিপকাৰ্টৰ দৰে আগশাৰীৰ অনলাইন শ্বপিং প্লেটফৰ্মত এচিড সহজে উপলব্ধ, যিটো অবৈধ। অনলাইন প্লেটফৰ্মত এচিডৰ সহজ উপলব্ধতা এক গুৰুতৰ চিন্তাৰ বিষয় আৰু ইয়াক জৰুৰীভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।’ আয়োগে কোম্পানী দুটাক দিয়া জাননীত এইদৰে কয়।
আয়োগে লগতে প্ৰশ্ন কৰে যে অনলাইন প্লেটফৰ্মত সামগ্ৰীটো পোষ্ট কৰিবলৈ অনুমতি দিয়াৰ পূৰ্বে বিক্ৰেতাৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰা হৈছিল নেকি আৰু অনলাইনত “এচিড” ক্ৰয় কৰাসকলৰ ফটো আইডি বিচৰা হৈছিল নেকি।
চৰকাৰী নিয়ন্ত্ৰিত সামগ্ৰী বিক্ৰীৰ সন্দৰ্ভত প্লেটফৰ্মসমূহে গ্ৰহণ কৰা নীতি, ৱেবছাইটসমূহত “এচিড” বিক্ৰীৰ অনুমতি দিয়াৰ বাবে দায়বদ্ধ লোকসকলৰ সবিশেষ আৰু তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষও বিচৰা হৈছিল।
