বৰপেটা জিল্লাৰ ভেল্লাৰ মহিলা অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিলে ৩ জনক।
বুধবাৰে এই লোমহৰ্ষক হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অধিবক্তা ৰিণিমা বেগমৰ জ্যেষ্ঠ ভাতৃ হাৰুণ আলীৰ পত্নী মুনমুন বেগমৰ লগতে জাকিৰ আলী আৰু তিৰা আলী নামৰ আন দুজন লোকক গ্ৰেপ্তাৰ কৰে।
ইয়াৰ পিছতে এই হত্যাকাণ্ড সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা বৃৃদ্ধি পাইছে ৫ জনলৈ। ইয়াৰ পূৰ্বে মঙলবাৰে আৰক্ষীয়ে এগৰাকী চিকিৎসকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে, সোমবাৰে নৃশংসভাৱে হত্যা কৰা হৈছিল অধিবক্তা ৰিণিমা বেগমক। মাতৃক লৈ হাস্পতাললৈ যোৱাৰ সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰিছিল অধিবক্তাগৰাকীক। এই হত্যাকাণ্ডৰ সৈতে জড়িত বাপন আলী আৰু আন এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে।
