অথলে গ’ল মায়ংকৰ ৮৯ ৰান, ছুপাৰ অভাৰত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত কিংগছ-১১

111

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয়খন খেলত দেওবাৰে এক ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় দিল্লী কেপিটেলছে। প্ৰতিদ্বন্দ্বী দল কিংগছ ১১ পঞ্জাৱক ছুপাৰ অভাৰত পৰাস্ত কৰি শেষ মূহুৰ্তত জয় নিশ্চিত কৰে দিল্লী কেপিটেলছে।

খেলখনত টছত জিকি প্ৰথমি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় কিংগছ ১১ৰ অধিয়ানক কে এল ৰাহুলে। প্ৰথমবাৰলৈ আইপিএলত এটা দলক নেতৃত্ব প্ৰদান কৰা কে এল ৰাহুলে প্ৰথমাৱস্থাত সুন্দৰ ৰণনীতিৰে দিল্লী কেপিটেলছক বান্ধি ৰাখিবলৈ সক্ষম হৈছিল যদিও অন্তিম সময়ত মাৰ্কাছ ষ্টইনিছে ২৫২ ষ্ট্ৰাইক ৰেটেৰে সংগ্ৰহ কৰা দৰ্শনীয় অৰ্ধশতকটোৰে দলৰ মুঠ স্ক’ৰ ১৫৭ হয়গৈ। এই লক্ষ্যৰ পিছা কৰি কিংগছ ১১-এ এক সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম হয় যদিও অন্তিম অভাৰত জয়ী সাব্যস্ত কৰিবলৈ মাত্ৰ ১ ৰাণৰ প্ৰয়োজন থকা অৱস্থাত একেৰাহে দুটাকৈ উইকেট হেৰুৱাবলগীয়া হয়। যাৰ ফলত খেলখন টাই হৈ পৰে। কিংগছ ১১ৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে মায়ংক আগৰৱালে। তেওঁ ৬০ টা বলত ৮৯ ৰান কৰি দলক এক নিশ্চিত জয়ৰ দিশে লৈ যায় যদিও আগৰৱালৰ উইকেট পতনৰ পিছতে কিংগছ ১১ৰ স্থিতি অতি দুৰ্বল হৈ পৰে। খেলত দিল্লী কেপিটেলছৰ অধিনায়ক শ্ৰেয়ছ আয়াৰৰ ৰণনীতি মন কৰিবলগীয়া আছিল।

ইফালে খেল টাই হোৱাৰ পিছত ছুপাৰ অভাৰত কিংগ ১১ই দুটা উইকেট হেৰুৱাই মাত্ৰ ২ ৰানৰ লক্ষ্যহে বান্ধি দিবলৈ সক্ষম হয় দিল্লী কেপিটেলছৰ সন্মুখত। যাৰ বাবে মাত্ৰ ২ টা বলতে সেই লক্ষ্য পাৰ কৰে শ্ৰেয়ছ আয়াৰৰ দলে। খেলখনত দিল্লী কেপিটেলছৰ এই ৰোমাঞ্চকৰ জয়ে দলটোক আইপিএলৰ পৰৱৰ্তী খেলত অধিক মনোবল প্ৰদান যে কৰিব সেয়া নিশ্চিত।