কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অসম ভ্ৰমণৰ এদিন পিছতে আদানী গ্রুপক হস্তান্তৰ কৰা হল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। ৫০ বছৰৰ বাবে বিমান বন্দৰটো পৰিচালনাৰ দায়িত্ব আদানী গ্রুপক প্ৰদান কৰিলে মোদী চৰকাৰে।
বিমান বন্দৰটো ব্যক্তিগত খণ্ডক হস্তান্তৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। কিন্তু জনতাৰ প্ৰতিবাদক একপ্ৰকাৰ উপলুঙা কৰি বৃহস্পতিবাৰৰ নিশা ঠিক ১২ বজাৰ পৰা আদানী গ্রুপক প্ৰদান কৰা হয় বৰঝাৰ বিমান বন্দৰ।
আনহাতে ভাৰতীয় বিমান প্ৰাধিকৰণ আইন-১৯৯৫ অনুসৰি সৰ্বাধিক ৩০বছৰলৈ বিমানবন্দৰ লীজত দিব পাৰে যদিও মোডী নেতৃত্বাধীন ভাৰত চৰকাৰে আইনখন উলংঘা কৰি ৫০ বছৰৰ বাবে আদানী গ্রুপক দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদে।
বিমানবন্দৰটো আদানী গ্রুপলৈ হস্তান্তৰ কৰাটো বে-আইনী আখ্যা দি এজেপিয়ে কয়- ৰাজহুৱা খণ্ডৰ লাভজনক বিমানবন্দৰটো ব্যক্তিগত খণ্ডক অৰ্পণ কৰাটো যুক্তি সংগত হ’ব নোৱাৰে।
আদানী গ্রুপক হস্তান্তৰ কৰা দিনটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক দিন আখ্যা দি বৰঝাৰত এজেপি কামৰূপ মহানগৰ জিলা সমিতিয়ে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।