অতিৰিক্ত উপায়ুক্তক উৎকোচ দি মেনেজ কৰিবলৈ যোৱা কণিষ্ঠ অভিযন্তাক হাতে লোটে গ্ৰেপ্তাৰ

90

বৰপেটাঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলত সংঘটিত বিয়াগোম অনাময় শৌচালয় কেলেংকাৰীৰ তদন্তত দোষী সাব্যস্ত হোৱাৰ ভয়ত অতিৰিক্ত উপায়ুক্তক উপঢৌকন দিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী অভিযন্তা। বৰপেটাৰ অতিৰিক্ত উপাযুক্ত নৱজিৎ পাঠকক উৎকোচ দিবলৈ যোৱাৰ সময়ত আৰক্ষীৰ হাতত ৯০ হাজাৰ টকাসহ হাতে লোটে ধৰা পৰে কণিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদ।

জানিব পৰা মতে, বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশক্ৰমে বৰপেটা সংমণ্ডলত সংঘটিত হোৱা বিয়াগোম অনাময় কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে। এই তদন্তত দোষী সাব্যস্ত হোৱাৰ ভয়তে জনস্বাস্থ্য বিভাগৰ কণিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদে উৎকোচ দিব বিচাৰিছিল অতিৰিক্ত উপায়ুক্তগৰাকীক।

কিন্তু আৰক্ষীৰ হাতত হাতে লোটে ধৰা পৰা অভিযুক্ত অভিযন্তাজনক সম্প্ৰতি বৰপেটা সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।