অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব

69

অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব।

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক DGP কাৰ্যালয়লৈ বদলিৰ পাছতেই অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক অস্থায়ীভাৱে আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হয়।

উল্লেখ্য যে, জৰুৰীকালীনভাৱে বদলি কৰা হৈছে SP আনন্দ মিশ্ৰক।

নগাঁও জিলাৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলিৰ নিৰ্দেশ আৰক্ষী অধীক্ষকগৰাকীক।

বুধবাৰে সংবাদমেল সম্বোধন কৰি কীৰ্তিকমল বৰা আৰু নগাঁৱৰ গুলীচালনাৰ ঘটনাক লৈ বহু বিস্ফোৰক মন্তব্য কৰিছিল SP আনন্দ মিশ্ৰই।

উল্লেখ্য যে আৰক্ষী অধীক্ষকগৰাকীয়ে অসম চৰকাৰে ঘটনাৰ তদন্তৰ বাবে গঠন কৰি দিয়া এজনীয়া তদন্ত আয়ােগৰ প্ৰতিবেদনক লৈও মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছিল।

ইয়াৰ পাছতে জৰুৰীকালীনভাৱে মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলিৰ বাবে নিৰ্দেশ জাৰি কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কত আৱৰ্তত সােমাই পৰিছিল নগাঁও আৰক্ষী।

এই ঘটনাক লৈ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিতে ইতিপূৰ্বে নিলম্বন কৰা হৈছে নগাঁও আৰক্ষীৰ এন্টি নাৰ্কটিক স্কোৱাডৰ প্ৰদীপ বনিয়াক।