অতিশীঘ্ৰেই অযোধ্যাত আৰম্ভ হ’ব ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য

63

অতিশীঘ্ৰেই অযোধ্যাত আৰম্ভ হ’ব ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য ৷ ভূমি পূজনৰ জৰিয়তে ইতিমধ্যেই আনুষ্ঠানিকতা গ্ৰহন কৰা হৈছে ৷ অযোধ্যাৰ মুঠ ৬৭ একৰ ভূমিত মন্দিৰ তথা মন্দিৰৰ প্ৰাংগন নিৰ্মান কৰা হ’ব ৷ আৰু এই নিৰ্মাণ ব্যয় ধাৰ্য কৰা হয় ১১০০ কোটি টকা ৷ তাৰেই মূল মন্দিৰ ভাগৰ নিৰ্মাণ ব্যয় হ’ব আনুমানিক ৪০০ কোটি টকা ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ কোষাধ্যক্ষ স্বামী গোবিন্দ দেৱ গিৰিজী মহাৰাজে জনায় এই কথা ৷ লগতে তেওঁ কয় যে, ন্যাসে ইতিমধ্যেই দেশজুৰি পুঁজি সংগ্ৰহৰ ব্যৱস্থা গ্ৰহন কৰিছে ৷ আৰু প্ৰতিজন ৰামভক্তক ১০ টকাৰ একোটা কোপন দিয়াৰ ব্যৱস্থা কৰিছে ৷

কোষাধ্যক্ষ গিৰিজী মহাৰাজে জানিবলৈ দিয়া মতে, মন্দিৰৰ  শক্তিশালী ফাউণ্ডেচনৰ  বাবে বিশেষজ্ঞ  আৰু অভিযন্তাসকলে ড্ৰয়িং অংকন কৰিছে ৷ বম্বে,দিল্লী,মাদ্ৰাছ,গুৱাহাটী,চেণ্ট্ৰেল বিল্ডিং ৰিচাৰ্চ ইনষ্টিটিউট,ৰুকবী আই,আই,টি ,L&T আৰু টাটা গ্ৰুপৰ বিশেষজ্ঞৰ দলে  ড্ৰয়িংৰ পৰ্যালোচনা কৰিছে আৰু আলোচনা মৰ্মে চূড়ান্ত সিদ্ধান্ত গ্ৰহন কৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব ৷