অচিৰেই অনুষ্ঠিত হব ৰে’লৱেৰ গ্ৰুপ ডিৰ লক্ষাধিক খালী পদৰ বাছনি পৰীক্ষা

92

ডিজিটেল ডেস্কঃ অচিৰেই জাননী প্ৰকাশ কৰা হব ৰে’লৱে নিযুক্তি বোৰ্ডৰ গ্ৰুপ ডিৰ পৰীক্ষাৰ। উল্লেখ্য যে, ২০১৯ৰ মাৰ্চ মাহতে অনুষ্ঠিত হবলগীয়া এই পৰীক্ষা কোভিড পৰিস্থিতিৰ বাবে বাতিল হৈ আছিল। কিন্তু শেহতীয়াকৈ কোভিড পৰিস্থিতি কিছু সুস্থ হোৱাৰ পিছতে গ্ৰুপ ডিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ইংগিত দিছে ৰে’লৱে নিযুক্তি বোৰ্ড চমুকৈ আৰ আৰ বিয়ে। RRB NTPC পৰীক্ষা সমাপ্ত হোৱাৰ পিছত গ্ৰুপ ডিৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

প্ৰণিধানযোগ্য যে, গ্ৰুপ ডিৰ ১ লাখ ৩ হাজাৰ খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতেই কোভিড পৰিস্থিতিয়ে সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰিছিল। যাৰ বাবে গ্ৰুপ ডিৰ পৰীক্ষা স্থগিত ৰাখিছিল আৰ আৰ বিয়ে। কিন্তু আৰ আৰ বিৰ এনটিপিচি পৰীক্ষা যোৱা ৩১ জুলাইত সম্পন্ন হোৱাৰ পিছত এতিয়া গ্ৰুপ ডিৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হব বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে এই পৰ্যন্ত ৰে’লৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই।

তিনিটা পৰ্যায়ত হ’ব এই নিযুক্তি প্ৰক্ৰিয়া। প্ৰথমে লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থীৰ বাছনি কৰা হ’ব। দ্বিতীয়তে শাৰীৰিক দক্ষতা পৰীক্ষা হ’ব আৰু তৃতীয়তে হ’ব মেডিকেল পৰীক্ষা আৰু নথি-পত্ৰৰ পৰীক্ষণ। এই সকলো স্তৰত উত্তীৰ্ণসকলেহে চূড়ান্ত বাছনিৰ জৰিয়তে নিযুক্তি লাভ কৰিব।