মৰিয়ম বেগমক ১৪ দিনৰ হোম কোৱাৰিন্টাইন স্বাস্থ্য বিভাগৰ
ষ্টাফৰিপোৰ্টাৰ, ১১ এপ্ৰিল :: বিশ্ব সন্ৰাস সৃষ্টি কাৰী ক’ৰনা ভাইৰাছক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ চৌদিশে এক আতংক ময় পৰিবেশ বিৰাজ কৰিছে ৷ ইয়াৰ বাবে এচাম ব্যক্তিয়ে সাবধনতা অবলম্বন কৰা দেখিবলৈ পোৱা গৈছে ৷ শনিবাৰে মহানগৰী চানমাৰি নৱগীৰি পথত এগৰাকী অচিনাকি ব্যক্তিক লৈ এক হুলস্থূল পৰিবেশ সৃষ্টি হয় ৷ জানিব পৰা মতে শুক্ৰবাৰে নিশা পাঞ্জাবাৰীৰ পৰা অহা মৰিয়ম নামৰ এগৰাকী মহিলাক মইনুল আলীয়ে ঘৰত আশ্ৰয় দিয়াক লৈ অঞ্চলবাসী ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি হয় ৷ আশা কৰ্মী তৰুনী ডেকা আৰু গোলাপী দাসৰ তৎপৰতাত স্বাস্থ্য বিভাগৰ দল এটি উপস্থিত হৈ মৰিয়ম বেগমৰ স্বাস্থ্য পৰীক্ষা কৰে যদিও কৰ’নাৰ কোনো লক্ষণ পোৱা নগল ৷ যাৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মৰিয়ম বেগমক ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰে৷ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ১৪ দিন মহিলা গৰাকী ঘৰত আবদ্ধ হৈ থাকিব লাগিব ৷ ইয়াৰ মাজতে মহিলা গৰাকীৰ শৰীৰত কিবা লক্ষণ দেখা দিলে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেজৰ নমুনা পৰীক্ষা কৰা হব ৷ এই কেইদিন আশাকৰ্মী স্বাস্থ্য বিভাগৰ নজৰত থাকিব মহিলা গৰাকী ৷ একাংশ
স্হানীয় ৰাইজৰ অভিযোগ দীপালী দাস নামৰ মহিলা এগৰাকীৰ ঘৰত মইনুল আলীয়ে ভাৰাতীয়া হিচাপে এটি টৰ্জা ঘৰত থাকে ৷ দীপালী দাস কৰ্মসুত্ৰে কলকাতাত থাকে ৷ ঘৰৰ মালিক নথকা সুযোগত মইনুলে মহিলাগৰাকীক আশ্ৰয় দিয়ে ৷ এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰিলে যদিও ’ এটি কোঠাত পাঁচ গৰকী সদস্যই থাকি কেনেকৈ হোম কোৱাৰেন্টাইন হব বুলি স্হানীয় ৰাইজৰ অভিযোগ উত্থাপন কৰে ৷