ৰিদিপ বৰঠাকুৰ, যোৰহাট:- আজি অগপ যোৰহাট বিধান পৰিষদৰ কাৰ্যালয়ত অসম যুৱ পৰিষদ যোৰহাট বিধান পৰিষদৰ এখনি প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অগপ যোৰহাট বিধান পৰিষদৰ সভাপতি ইন্দ্ৰজিত কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পুতুল বৰুৱা, অগপ যোৰহাট জিলা সমিতিৰ সভাপতি সৌৰভ প্ৰাণ বৰা, অগপ যোৰহাট বিধান পৰিষদৰ সম্পাদক দ্বয় অশোক কুমাৰ দাস, অনন্ত মহন্ত, তথ্য প্ৰযুক্তি সম্পাদক প্ৰাঞ্জল কলিতা, উপ সভাপতি হৰিশ শইকীয়াৰ লগতে অসম যুৱ পৰিষদে প্ৰেৰণ কৰা কেন্দ্ৰীয় সাধাৰণ সম্পাদক ত্ৰয় তথা আজিৰ সভাৰ পৰ্যবেক্ষক অনিৰুদ্ধ দত্ত, শৈলেন মন্ত্ৰী আৰু প্ৰৱাল চেতিয়া(মৰাণ স্বায়ত্ব পৰিষদৰ মন্ত্ৰী)উপস্থিত থাকে।
আজিৰ সভাতেই অংশুমান শইকীয়া সভাপতি, অজিত গগৈ আৰু প্ৰগতি ডেকাক সম্পাদক হিচাপে লৈ অসম যুৱ পৰিষদ যোৰহাট বিধান পৰিষদ সমিতি খন গঠন কৰা হয়।
