অগণন অনুৰাগীক কন্দুৱাই বিদায় মাগিলে ‘ট্ৰেজেডি কিং’ দিলীপ কুমাৰে…

74

অসংখ্য অনুৰাগীক কন্দুৱাই বিদায় মাগিলে বলীউডৰ ‘ট্ৰেজেডী কিং’ খ্যাত দিলীপ কুমাৰে। মুম্বাইৰ হিন্দুজা হাস্পতালৰ আইচিইউৰ বিচনাত বুধবাৰে ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰখ্যাত অভিনেতাগৰাকীয়ে।

‘মোগল-এ-আজম’ ছবিৰ জৰিয়তে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱা দিলীপ কুমাৰৰ প্ৰকৃত নাম আছিল মহম্মদ ইউচুফ খান। কিন্তু ছবিজগতত দিলীপ কুমাৰ হিচাপেই তেওঁ লাভ কৰে খ্যাতি। শতাধিক ছবিত তেওঁ দৰ্শকক আৱেগিক কৰি পেলাব পৰা চৰিত্ৰত অভিনয় কৰি ট্ৰেজেডী কিং হিচাপে জনপ্ৰিয় হৈ পৰিছিল।

ছবিজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দিলীপ কুমাৰৰ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল। পদ্মভূষণ আৰু পদ্মবিভূষণ সন্মানেৰে সন্মানিত মহান অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি তেওঁৰ অসংখ্য অনুৰাগীয়ে।