গুৱাহাটীঃ মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈক সমালোচনা কৰি তেওঁ কয় যে কৃষক নেতাজনে কেৱল ‘মঙ্গল গ্ৰহত’ মাটিৰ পট্টা আৱণ্টন কৰিব পাৰে, কিন্তু অসমত এনে কৰিবলৈ অসমৰ্থ। মৰিয়নী সমষ্টিৰ লোকসকলক নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভূমি পট্টা প্ৰদান কৰাৰ বাবে অখিল গগৈয়ে দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত এনেদৰে কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই।
ডিঙাপাৰা চাহ ইষ্টেটত এক ৰেলী সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, “ডিঙাপাৰা চাহ ইষ্টেটত এন ডি এত মানুহৰ অটল বিশ্বাস আছে আৰু ই আমাৰ বিৰোধীলৈ এটা বাৰ্তা প্ৰেৰণ কৰে। মৰিয়নীৰ লোকসকল তেওঁলোকৰ ৰাজনৈতিক কৌশলৰ সন্ক্ষীন নহ’ব। আমি উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি সকলো উচ্চ বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাটো নিশ্চিত কৰিম।”
প্ৰচাৰৰ সময়ত, মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক প্ৰতিশ্ৰুতি দিয়ে যে অসম চৰকাৰে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানীৰ বাবে ব্লিচিং পাউডাৰ আৰু বিদ্যুৎ প্ৰদান কৰিব। ৪৫ দিনৰ ভিতৰত উপলব্ধ কৰা ৩ খন এম্বুলেন্সৰ উপৰিও সকলো ঘৰত বৈদ্যুতিক মিটাৰ স্থাপন কৰা হ’ব।
তেওঁ লগতে কয়, “ডিবং বন্যপ্ৰাণী অভয়াৰণ্যএখন পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হ’ব।”
হাতগড় টি ই ফুটবল খেলপথাৰত অনুষ্ঠিত হোৱা এক পৃথক নিৰ্বাচনী ৰেলীত অংশ লৈ নিম্ন ভল্টেজ বৈদ্যুতিক বেৰ স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে মানৱ-হাতীৰ সংঘৰ্ষ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে মৰিয়নীত এখন নতুন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰা হব বুলিও প্ৰতিশ্ৰুতি দিয়ে হিমন্ত বিশ্ব শৰ্মাই।
