অখিল গগৈয়ে নিজৰ সমষ্টিৰ কথা চিন্তা কৰক, গোটেই অসমৰ নহয়ঃ বিধায়ক দিগন্ত কলিতা

124

পৱন নীল কাশ্যপ, চাংসাৰীঃ ‘কংগ্ৰেছৰ দিনত ইনচাৰ্জ মন্ত্ৰী থাকোতে কোনো অভিযোগ কৰা নাছিল অখিল গগৈয়ে৷ গতিকে এতিয়া অভিভাৱক মন্ত্ৰীৰ ক্ষেত্ৰত অভিযোগ কিয়?’ -এই প্ৰশ্ন কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ। আজি বাইহাটা চাৰিআলিস্থিত ৰামানুজন একাডেমীত আয়োজিত দৰিদ্ৰ শিক্ষাৰ্থীক পাঠ্যপুথি বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই৷

পাঠ্যপুথি বিতৰণৰ অন্তত কলিতাই সাংবাদিকৰ সন্মুখত অখিল গগৈক তীক্ষ্ণ সমালোচনা কৰি কয় যে অখিল গগৈয়ে অভিযোগ কম কৰক আৰু ৰাইজৰ কামহে বেছিকৈ কৰক৷ তেওঁ এতিয়া শিৱসাগৰৰ বিধায়ক হৈছে৷ সেয়ে গোটেই অসমৰ কথা বাদ দি অখিল গগৈয়ে শিৱসাগৰবাসীৰ হৈ কাম কৰক বুলি মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই৷

আজিৰ অনুষ্ঠানত বিধায়কগৰাকীয়ে সমষ্টিৰ দুগৰাকীকৈ দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক ৰামানুজন একাডেমীত প্ৰতিবছৰে নিজৰ খৰচত পঢ়ুৱাব বুলি ঘোষণা কৰে৷