ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক কৰা হৈছে তিনিটাকৈ বাঘ চিকাৰী

278

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক কৰা হৈছে তিনিটাকৈ বাঘ চিকাৰী । দুজন বাঘ চিকাৰী এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যান খনত অবৈধ ভাবে বাঘ চিকাৰৰ উদ্দেশ্যৰে প্ৰবেশ কৰিছিল ৫ জনকৈ চিকাৰী । তাৰে ভিতৰত তিনি জন বাঘ চিকাৰীক বনকৰ্মীয়ে আটক কৰিবলৈ সক্ষম হয় । বাকী দুজন সম্প্ৰতি পলাতক অৱস্থাত আছে।আটকাধীন চিকাৰী কেইজন ঢেকীয়াজুলিৰ আজিবুৰ ৰহমান, হাছমত আলী আৰু মহম্মদ এম,এল বুলি জানিব পৰা গৈছে । পলাতক দুজনৰ নাম ছাদিকুল আৰু আহাম্মদ ।
উল্লেখযোগ্য যে, যোৱা চাৰি তাৰিখে বন কৰ্মীয়ে উদ্যান খনত এটা মৃত বাঘৰ অৱশিষ্ট উদ্ধাৰ কৰিছিল, তাৰ পিছতে আটক কৰা হৈছে সন্দেহযুক্ত চিকাৰী কেইজনক ।