গুৱাহাটীঃ শুকুৰবাৰে এজন আই চি ইউ ৰোগীক ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰি গৌহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নিলম্বিত হ’ল এজন কৰ্মচাৰী।
নিলম্বিত কৰ্মচাৰীজনক কাৰ্ডিঅ’থ’ৰেচিক আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ নিয়মীয়া কৰ্মচাৰী দিপু দাস বুলি চিনাক্ত কৰা হৈছে।
গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলৰ বৰিপাৰাৰ বাসিন্দা।
সূত্ৰ অনুসৰি দাসক বলপূৰ্বকভাৱে ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰিবলৈ যোৱাৰ সময়ত আই চি ইউ ৰোগীৰ এজন এটেণ্ডেণ্টে হাতে-লোটে ধৰা পেলায়।।
ঘটনাৰ পিছতে জিএমচিএইচ প্ৰশাসনে ভুক্তভোগীৰ লিখিত অভিযোগৰ ফলত ভণ্ডজনক ক্ষীপ্ৰতাৰে নিজৰ পদৰ পৰা নিলম্বন কৰে।
ইফালে, ব্যক্তিজনৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এফআইআৰ দাখিল কৰা হয়।
অৱশ্যে বিষয়টো চোৱাচিতা কৰিবলৈ এখন তদন্ত সমিতিও গঠন কৰা হৈছে। এই প্ৰতিবেদন দাখিল কৰিবলৈ কমিটীৰ হাতত থাকিব ৪৮ ঘণ্টা সময় বুলি জনায় জিএমচিএইচৰ অধীক্ষকে।
শৰ্মাই আৰু কয় যে অভিযুক্তই স্বীকাৰ কৰিছে যে তেওঁ আই চি ইউত মৃত্যু হোৱা ৰোগীৰ সামগ্ৰীৰ পৰা লোৱা বুলি দাবী কৰা ঔষধসমূহ তেওঁৰ গাড়ীত ৰাখিছিল।
ইয়াৰ পূৰ্বেও জিএমচিএইচৰ কেইবাজনো চিকিৎসক জৰুৰীকালীন অপাৰেচন থিয়েটাৰ (অ’টি)ত এনেধৰণৰ কথিত অসৎ কামৰ বাবে স্ক্যানাৰৰ অধীনলৈ আহিছে।
