ষ্টাফৰিপৰ্টাৰ, ৩ জুলাই : ভাৰতীয় ৰে’ল ব্যক্তিগতকৰণ কৰিবলৈ লোৱা সিদ্ধান্তক এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে ধিক্কাৰ দিছে আৰু এনে সৰ্বনশীয়া সিদ্ধান্ত পৰিহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিছে । অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ (এ.আই.আৰ.এফ) সভাপতি তথা এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তই কয় এই সম্পৰ্কে কয় “ভাৰতৰ পৰিবহন ব্যৱস্থাত বছৰ বছৰ ধৰি ৰে’লেই আটাইতকৈ ক’ম খৰচী ভ্ৰমণ হিচাপে পৰিগণিত হৈ আহিছে ।অকল মাত্ৰ লাভৰ বাবেই ৰেল পৰিবহন ব্যৱস্থা নহয়, দেশবাসীৰ সেৱাই মূল উদ্দেশ্য আছিল । কিন্তু কেন্দ্ৰত বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছত পুঁজিপতিৰ স্বাৰ্থ পূৰণৰ বাবে ৰেলৰ বিভিন্ন বিভাগ ব্যক্তিগতকৰণ কৰিবলৈ উঠি পৰি লাগিছে। ৰেলগাড়ী সমূহো ব্যক্তিগতকৰণ কৰাৰ বাবে কেতিয়াবাৰে পৰা বিজেপি চৰকাৰে ষড়যন্ত্ৰ চলাই আহিছে । কিন্তু এ.আই.আৰ.এফ. আৰু এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে তীব্ৰ বিৰোধিতা কৰি অহা বাবেই ইয়াক কাৰ্যকৰী কৰিব পৰা নাছিল । শেহতীয়াভাবে সমগ্ৰ দেশবাসী কৰ’না মহামাৰীৰ বাবে ঘৰতে আৱদ্ধ হৈ থকাৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পিতভাবে দেশৰ সম্পদ সমূহ পুঁজিপতিৰ হাতত বিক্ৰী কৰিব ধৰিছে। ৰেল ব্যক্তিগতকৰণৰ ফলত ৰেলযাত্ৰী সকলে দুগুণ ভাড়া ভৰিব লাগিব আৰু সুৰক্ষাও বিঘ্নিত হ’ব । ফলত ৰেল পৰিবহন ব্যৱস্থা অতি ব্যয়বহুল হৈপৰিব । লগতে ৰেলৰ দৰে এক বৃহৎ উদ্যোগত কৰ্মসংস্থাপনো বন্ধ হৈ পৰিব ।তদুপৰি ব্যক্তিগত কোম্পানীয়ে ৰেল চলাবলৈ হ’লে লাভৰ মুখ নেদেখা ঠাই সমূহত স্বাভাৱিকতে ৰেল চলাচল বন্ধ কৰি দিব । এইক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাইৰ জনসাধাৰণ ৰেল পৰিবহণৰ পৰা বঞ্চিত হ’ব লাগিব। দেশবাসীৰ স্বাৰ্থত ৰেল ব্যক্তিগতকৰণৰ দৰে জনসাধাৰণ বিৰোধী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ দাবী আমি জনাইছোঁ । অন্যথাই দেশৰ জনসাধাৰণে বিজেপি চৰকাৰক কেতিয়াও ক্ষমা নকৰিব।”