ৰে’লৰ খুন্দাত নিঃশেষ হ’ল এটি পৰিয়াল

140

ৰে’লৰ খুন্দাত নিঃশেষ হ’ল এটি পৰিয়াল! নগাঁও জিলাৰ পুৰণিগুদামত তীব্ৰবেগী ৰে’লে এখন ছুইফট ডিজায়াৰ বাহন মহতিয়াই নিয়াৰ ফলত মৃত্যু ঘটে পিতৃ-মাতৃ আৰু পুত্ৰৰ।

জানিব পৰা মতে, পুৰণিগুদামৰ বিষয়াচুকত ৰে’ল লাইন পাৰ হ’বলৈ লওতেই সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত সকলক ক্ৰমে চন্দন কলিতা, পত্নী লিলিমাই দেৱী কলিতা আৰু পুত্ৰ নীলাভ নয়ন কলিতা বুলি চিনাক্ত কৰা হৈছে।