ৰে’লপথৰ সমীপত উদ্ধাৰ দুই শিশুসহ মহিলাৰ মৃতদেহ

188

দিল্লীৰ নাৰেলাৰ ৰে’লপথৰ সমীপত শনিবাৰে এগৰাকী মহিলা আৰু দুটা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডিচিপি (আউটাৰ নৰ্থ) দেৱেশ কুমাৰ মাহলাই কয় যে মহিলাগৰাকীৰ বয়স ২০ বছৰ হোৱাৰ বিপৰীতে শিশুসকলৰ বয়স প্ৰায় চাৰি-পাঁচ বছৰ।

এজন বিষয়াই কয় যে প্ৰাথমিক তদন্তত এয়া মাতৃ আৰু সন্তানৰ মৃতদেহ বুলি অনুমান কৰা হৈছে।

অৱশ্যে মহিলাগৰাকীৰ এতিয়াও চিনাক্তকৰণ সম্ভৱ হোৱা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।