ৰূপহীহাট আৰক্ষীক আক্ৰমন উদণ্ড ৰাইজৰ।

ৰূপহীহাটৰ পূব শিঙিমাৰীত আৰক্ষী আৰু ৰাইজৰ মাজত মাৰপিটৰ ঘটনা।
পূব শিঙিমাৰী বালিকা মোক্তাব বিদ্যালয় বেদখল কৰি ৰাখিছিল শেকান্দৰৰ পৰিয়ালৰ ওবাইদুল ইছলাম আৰু জুলহাশ আলীয়ে।
বিদ্যালয়ৰ ভূমি শেকান্দৰ আলীৰ পৰিয়ালৰ নামত থকা বাবে আহি দখল কৰিছিল বিদ্যালয় গৃহ।
প্ৰধান শিক্ষকৰ সমগ্ৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল
সেই গোচৰৰ বৃত্তিত ঘটনা স্থলীত উপস্থিত হৈছিল ৰূপহীহাট আৰক্ষী।
আৰক্ষী উপস্থিত হোৱাৰ পিছতে উদণ্ড লোকে
আৰক্ষীক লক্ষ্যকৰি আক্ৰমণ কৰে
উদণ্ড লোকৰ আক্ৰমনত আহত হয় ৰূপহী আৰক্ষী থানাৰ উপ পৰিদৰ্শক উত্তম দাস।
