ৰূপহীহাটত তদন্ত কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰতে দুৰ্বৃত্তৰ আক্ৰমণ

88

ৰূপহীহাটৰ গড়াজানত শনিবাাৰে নিশা কৰ্তব্যৰত আৰক্ষীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, গড়াজানৰ পশ্চিম ফুটলজাৰৰ মাজেদা খাতুন নামৰ এগৰাকী মহিলাৰ এক গোচৰৰ তদন্তৰ বাবে যোৱা ছয় জনীয়া আৰক্ষীৰ দলটোৰ ওপৰত আকস্মিক আক্ৰমণ চলায় দুৰ্বৃত্তৰ এটা দলে। এই ঘটনাত গৃহৰক্ষী বাহিনীৰ এগৰাকী জোৱান আহত হয়। ইফালে মাজেদা খাতুনৰ গোচৰৰ অভিযুক্তই আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, তদন্ত কৰিবলৈ যোৱা আৰক্ষীৰ দলটোৰ ওপৰত ৰফিকুল ইছলাম নামৰ দুৰ্বৃত্তটোৰ নেতৃত্বত ১০ জনীয়া দুৰ্বৃত্তৰ দল এটাই চোকা অস্ত্ৰ আৰু লাঠিৰে আক্ৰমণ চলায়। যাৰ ফলত গৃহৰক্ষী বাহিনীৰ জোৱান ইক্ৰামুল হুছেইন আহত হয়। পিছত স্থানীয় ৰাইজে আৰক্ষীৰ দলটোক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। জনতাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষীয়েই যেতিয়া নিৰাপত্তাহীনতাত ভুগে, তেতিয়া সাধাৰণ জনতাৰ নিৰাপত্তা ক’ত বুলি এতিয়া প্ৰশ্নৰ উত্থাপন কৰিছে বহুতে। আৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।