ৰুদ্ধ হব নেকি কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ পথ!

64

চৰকাৰী ষড়যন্ত্ৰই পিছ এৰা নাই কাৰাবন্দী অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী মুক্তিৰ বাবে লাহে লাহে অগ্ৰসৰ হোৱাৰ সময়তে যেন মুক্তিৰ বাটত পুনৰ এখন দেৱাল থিয় কৰাইছে এনআইএয়ে। অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে দাখিল কৰিছে আন এখন অতিৰিক্ত অভিযোগনামা। যাৰ পিছত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ সচেতন মহলত।

উল্লেখ্য যে, চাবুৱা থানাৰ গোচৰত অখিল গগৈক দোষমুক্ত ঘোষণা কৰিছিল আদালতে। তাৰ পিছত চানমাৰি থানাত থকা অখিল গগৈৰ বিৰুদ্ধে গোচৰৰ ৰায়ত দোষমুক্ত হ’লেই ডেৰ বছৰীয়া কাৰাবন্দ্বিত্বৰ পৰা মুক্তি লাভ কৰিব পাৰিলেহেঁতেন অখিল গগৈ। কিন্তু অখিল গগৈৰ বিৰুদ্ধে এনআইএয়ে অতিৰিক্ত অভিযোগনামা দাখিল কৰাৰ পিছত মুক্তিৰ পথত এয়া এক প্ৰত্যাহ্বান হৈ থিয় দিছে তেওঁৰ বাবে।

আনফালে মৰিয়নী সমষ্টিকে ধৰি কেইবাটাও সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ চক্ৰান্তত চৰকাৰ নামি পৰা বুলি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কথা ঠিক যে, অখিল গগৈ মুকলি হৈ আহিলে উপ নিৰ্বাচনত ৰাইজৰ দলে প্ৰভাৱ পেলাব পাৰিব। তেনে এক চিন্তা কৰিয়েই অখিল গগৈক বন্দী কৰি ৰখাৰ আন এক ষড়যন্ত্ৰ চৰকাৰখনে ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলেও।