ষ্টাফৰিপৰ্টাৰ, বলিউডৰ সুদর্শন অভিনেতা সুশান্ত সিং ৰাজপুত্ৰৰ মৃত্যুৰ ৰহস্য আজিও ফাদিল নহ’ল। সুদর্শন অভিনেতা জনৰ পিতৃয়ে ইতিমধ্যে অভিনেত্ৰী তথা সুশান্তৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এফ আই আৰ পাটনাত দাখিল কৰিছে। উল্লেখ্য সুশান্ত সিং ৰাজপুতৰ অনুৰাগী সকলে এই মৃত্যুৰ ঘটনাৰ চি বি আইৰ তদন্ত দাবী কৰিছে।
