এলিনা পেগুক ৫০ হাজাৰ টকাৰ সাহৰ্য্য প্ৰদান
ষ্টাফৰিপৰ্টাৰ, ১৩ জুন : গুৱাহাটী মহানগৰীৰ নুনমাটি অঞ্চলত ১২ জুনত বৰ্বৰ ভাবে ৰিতুপৰ্ন পেগু নামৰ এগৰাকী ব্যক্তিক দিন দুপৰতে হত্যা কৰা হয় ৷ এই হত্যা কাণ্ডত জড়িত আটাই কেইজন ব্যক্তিক নুনমাটি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ হত্যাকাণ্ড জড়িত ব্যক্তি সকলক কঠোৰ শাস্তি প্ৰদানৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে সাধৰন ৰাইজে দাবী উত্থাপন কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছত এক মাত্ৰ সন্তানক লৈ পত্নী এলিনা পেগুয়ে শোকত ভাগি পৰে ৷পত্নীৰ দুৰ্দশাৰ কথা জানিব পাৰি বিজেপি ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনৰ সৈতে এটি দল ঝতুপৰ্ন পেগুৰ বাসগৃহত উপস্থিত হয় ৷ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে পত্নী এলিনা পেগুৰ হাতত নগদ ৫০ হাজাৰ টকা সাহৰ্য হিচাপে আগবঢ়ায় ৷লগতে এই হত্যা কাণ্ডত জড়িত ব্যক্তিয়ে কোনো কাৰণত সাৰি যাব নোৱাৰে তাৰ বাবে সকলো আইনী খৰচ বহন কৰিব ভাৰতীয় জনতা যুৱ মৰ্চাৰ তৰফৰ পৰা ’এই আশ্বাস প্ৰদান কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ উল্লেখ্য শনিবাৰে ঝতুপৰ্ন পেগুৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যুৱ মৰ্চাৰ তৰফৰ পৰা ৷ ৰাজ্যিক সভাপতি গৰাকীৰ সৈতে গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মানস প্ৰতিম দাস, জোন জ্যোতি কাশ্যপ, সিদ্ধানকু অংকুৰ বৰুৱাই উপস্থিত থাকি শ্ৰদ্ধানঞ্জলি জনায় ৷