কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক লৈ পুনৰ এবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে।
দেওবাৰে দলৰ মুখপত্ৰ সামনা’ত তেওঁৰ সাপ্তাহিক স্তম্ভ ‘ৰোকধক’ত ৰাউতে কয় যে দুয়োজন ভাই-ভনীয়ে তেওঁলোকৰ দলক পুনৰ শক্তিশালী কৰাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু ইয়াক অতিক্ৰম কৰাটো সহজ নহয়।
ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছক ৰাজনৈতিক বিপ্লৱৰ অস্ত্ৰলৈ পৰিণত কৰা লোকমান্য তিলকৰ পৰা অনুপ্ৰেৰণা লোৱা উচিত বুলিও মন্তব্য কৰে সঞ্জয় ৰাউতে।
