চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ বনৰীয়া ম’হ। নিশা চিলা কৰৈবাৰীত প্ৰকাণ্ড ম’হটো বিচৰণ কৰি আছিল। জাকৰ মাজৰ পৰা ম’হটো ওলাই আহিছিল জনাঞ্চললৈ। পাহাৰ-জলাশয় ধ্বংসৰ বাবেই সংকুচিত হৈ আহিছে বনাঞ্চল। সেয়ে এতিয়া সঘনাই জনাঞ্চলত বিচৰণ বনৰীয়া হাতী-ম’হৰ। বন বিভাগৰ লোকেও উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ ম’হটো।
