ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ’ব বৰষুণ

52

আজি দেশজুৰি উদযাপন কৰা হৈছে মহাসপ্তমী। পূজাৰ আনন্দত মতলীয়া হৈ পৰিছে ৰাজ্যবাসী। এই আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্নপ্ৰান্তত হৈছে মুষলধাৰ বৰষুণ।আজি ৰাজ্যৰ ১৮খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা,নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰা জিলাসমূত আজি ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাত অহাৰ সম্ভাৱনা আছে।