ৰাজ্যৰ বজাৰত উপলব্ধ চালানী মাছত দুৰাৰোগ্য ৰোগৰ বাহক ফৰ্মেলিন ৷ ৰাজ্যৰ কেইবাখনো আগশাৰী শিক্ষানুষ্ঠানত কৰা গৱেষণা মৰ্মে চিৰাঙৰ বিজনী , বজাৰত বিক্ৰী হৈ থকা মাছত বিষাক্ত ফৰ্মেলিন ধৰা পৰিছে ৷ এই চাঞ্চল্যকৰ তথ্য উদ্মোচিত হোৱাৰ পিছত বিজনী আদি বজাৰত হাহাকাৰ লাগিছে ৷ এই তথ্য লাভৰ পিছতো বজাৰসমুহত চালানী মাছ বিক্ৰী চলি আছিল ৷ বজাৰত মাছ ক্ৰয় কৰিবলৈ গৈ গ্ৰাহকসকলে শংকিত হৈ পৰিছে ৷ বহ্যি ৰাজ্যৰ চালানী মাছত বিষাক্ত ফৰ্মেলিন ধৰা পৰাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷
