ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ-এআইইউডিএফৰ সংঘাত…

61

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বেই মিত্ৰতাত আউল লাগিল কংগ্ৰেছ-এআইইউডিএফৰ। ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া অভিযোগ-প্ৰত্যাভিযোগত নামি পৰিছে কংগ্ৰেছ আৰু এআইইউডিএফ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) সভাপতি ভূপেন বৰাই এআইইউডিএফৰ ৫ জন বিধায়ক বিজেপিৰ ওচৰত বিজেপিৰ ওচৰত বিক্ৰী হোৱা বুলি অভিযোগ কৰে।

অসম কংগ্ৰেছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলটোক বিশ্বাসঘাতক বুলি অভিহিত কৰাও পৰিলক্ষিত হয়। দুুয়োটা বিৰোধী দলৰ মাজত সৃষ্টি হোৱা এই সংঘাতে স্বাভাৱিকতে এতিয়া কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাৰ জয়ৰ লক্ষ্যত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

আনহাতে এআইইউডিএফেও ভূপেন বৰাৰ বিৰুদ্ধে উত্থাপন কৰিছে একাধিক অভিযোগ। বিধায়ক আমিনুল ইছলামে অভিযোগ তুলি কয় যে ভূপেন বৰাই ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰৰ ইতি পেলাবলৈ এনে ষড়যন্ত্ৰ ৰচিছে। এপিচিচিৰ ইতিহাসত ভূপেন বৰা সবাতোকৈ মিছলীয়া সভাপতি বুলিও অভিহিত কৰে এআইইউডিএফে।