ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ তাৰিখ। অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হব ৩১ মাৰ্চত। ভাৰতৰ নিৰ্বাচন আয়োগে সদৰী কৰিলে এই কথা।
নিৰ্বাচন আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰি জানিবলৈ দিয়া মতে, ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২১ মাৰ্চ। ইফালে ৩১ মাৰ্চত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত একেদিনাই ভোটগণনাও সম্পন্ন হব।