ৰাজ্যত স্থাপন কৰা হ’ব ৪খন চাইবাৰ আৰক্ষী থানা

368

বৰ্দ্ধিত চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ বিশেষ পদক্ষেপ৷ চাইবাৰ অপৰাধ ৰোধৰ বাবে ৰাজ্যত স্থাপন কৰা হ’ব ৪ খন চাইবাৰ আৰক্ষী থানা৷ গুৱাহাটীৰ CIDৰ মুখ্য কাৰ্যালয় আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত থাকিব ২ খন চাইবাৰ থানা৷ ইয়াৰ বিপৰীতে ডিব্ৰুগড় আৰু শিলচৰত থাকিব একোখনকৈ চাইবাৰ আৰক্ষী চকী৷ গুৱাহাটীৰ দুয়োখন থানা নিৰিক্ষণ কৰিব একোজন DSP পৰ্যায়ৰ বিষয়াই৷ শিলচৰ আৰু ডিব্ৰুগড়ৰ চাইবাৰ আৰক্ষী চকী নিৰিক্ষণ কৰিব OC পৰ্যায়ৰ বিষয়াই৷