ৰাজ্যত মিজো চোৰাং চিকাৰীৰ দপদপনি! হাইলাকান্দিত অস্ত্ৰ-শস্ত্ৰসহ আটক ৬ জন

351

ৰাজ্যত অবাধ দপদপনি চোৰাং চিকাৰীৰ।

হাইলাকান্দিত আটক মিজোৰামৰ পৰা আহি অসমত বাহৰ পাতি থকা ৬ জন চোৰাং চিকাৰী।

হাইলাকান্দি বন বিভাগৰ এটা দলে অভিযান চলাই জিলাখনৰ পাগলাঝোৰৰ পৰা আটক কৰে চোৰাং চিকাৰী কেইটাক।

বন বিভাগে চোৰাং চিকাৰী কেইটাৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ শস্ত্ৰও।

খবৰ অনুসৰি অসমৰ পৰা বহিঃ ৰাজ্যলৈ বান্দৰ সৰবৰাহ কৰি আহিছিল চোৰাং চিকাৰী কেইটাই।

ধৃত ব্যক্তিকেইজনৰ পৰা তিনিটা বন্দুক, এখন বাহন আৰু ৬টা মৃত বান্দৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, চোৰাং চিকাৰী কেইটা মিজোৰামৰ কোলাছিবৰ নিৱাসী।