ৰাজ্যত বানৰ সংহাৰ! ৩ খন জিলাৰ ২৯ হাজাৰৰো অধিক লোক বানৰ কবলত…

389

ৰাজ্যত নামিছে বাৰিষাৰ্ বানৰ সংহাৰ। ধাৰাসাৰ বৰষুণৰ পিছতে ৰাজ্যৰ তিনিখন জিলাত প্ৰায় ২৯ হাজাৰ লোক বানপানীৰ কবলত পৰা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান প্ৰতিবেদন অনুসৰি ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাত বানপানীৰ বাবে ২৮,৮০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

ইয়াৰ উপৰিও লখিমপুৰত ২৩,৫০০ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত ৩৮০০ৰো অধিক লোক আৰু ধেমাজিত প্ৰায় ১৫০০ লোক আক্ৰান্ত হৈছে বুলিও প্ৰকাশ পাইছে।

বুধবাৰলৈকে দুখন জিলাত প্ৰায় ২১ হাজাৰ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। প্ৰশাসনে লখিমপুৰ জিলাত তিনিটাকৈ সাহায্য বিতৰণ কেন্দ্ৰ আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো সাহায্য শিবিৰ আৰম্ভ হোৱা নাই। সম্প্ৰতি ২৫ খন গাঁও পানীৰ তলত থকাৰ লগতে সমগ্ৰ অসমতে ২১৫.৫৭ হেক্টৰ শস্য এলেকাৰ ক্ষতিগ্ৰস্ত হৈছে বুলি ASDMA-এ প্ৰকাশ কৰে।

বিশ্বনাথ, বঙাইগাঁও, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, মৰিগাঁও, শোণিতপুৰ আৰু ওদালগুৰি জিলাত ব্যাপক খহনীয়া দেখা গৈছে বুলি এ এছ ডি এম এয়ে জানিবলৈ দিয়ে। কাছাৰ আৰু কামৰূপ মহানগৰৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে।

লখিমপুৰ, গোৱালপাৰা, বিশ্বনাথ, ধেমাজি, বাক্সা, ডিমা হাছাও আৰু কৰিমগঞ্জ জিলাৰ বানপানীৰ ফলত মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে।