ৰাজ্যত বানৰ সংহাৰ: ১১ জিলা বানৰ কৱলত

90

গুৱাহাটীঃ শুকুৰবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বানপানীৰ ফলত অসমৰ এঘাৰখন জিলা ক্ষতিগ্ৰস্ত হৈছে। এঘাৰখন জিলাৰ ভিতৰত আছে বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া। 

জিলা কেইখনত বানপানীৰ ফলত প্ৰায় ১,৩৩,০০০ লোক আৰু ৭,৫৮৪7 হেক্টৰ শস্য এলেকা ক্ষতিগ্ৰস্ত হৈছে। বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ এএছডিএমে ৭৪ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। প্ৰায় ৬,২১৭ জন বানাক্ৰান্তক এই শিবিৰত আশ্ৰয় দিয়া হৈছে। 

ইফালে, ইতিমধ্যে অসমৰ মুঠ ১৩ খন জিলা খহনীয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। 

লক্ষণীয়ভাৱে, অসমত বৰষুণৰ পৰিমাণ দৃশ্যমানভাৱে কম হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বৰ তথ্য অনুসৰি, ৰাজ্যখনত এই বাৰিষাত স্বাভাৱিকতকৈ প্ৰায় ৪৫ শতাংশ কম বৰষুণ নথিভুক্ত কৰা হৈছে। অৱশ্যে, শেহতীয়াকৈ বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে।